Thursday 4 July 2013

হীৰেন ভট্টাচাৰ্য অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি  আছিল৷ তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩ খন অসমীয়া ভাষাত কবিতা পুথি আৰু বাংলা ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৫২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ''হীৰুদা'৷ তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰদালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। তেখেতৰ জন্ম হয় ১৯৩২ চনত অসমৰ যোৰহাটত৷ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল। ২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে।

তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকীত আমি সকলোৱে তেখেতলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছো আৰু তেখেতৰ আত্মাৰ সদ-গতি কামনা কৰিলো।

0 comments:

Post a Comment