Wednesday, 19 June 2013

শৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ শুভ কামনা জনালো।
(Happy Bishnu Prashad Rabha Divas)

****বিষ্ণুপ্ৰসাদ ৰাভা****


(জন্ম-৩১ জানুৱাৰী,১৯০৯ আৰু মৃত্যু-২০ জুন,১৯৬৯)

অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল।

শৈশৱ আৰু শিক্ষা

বিষ্ণুপ্ৰসাদ ৰাভাই সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয়া লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।
তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহনৰ বাবে ৰাভা কলিকতালৈ যায়। তাৰ ছেইন্ট পউল কলেজৰ পৰা আই.এচ.চি. ঊৰ্ত্তীৰ্ণ হয় আৰু `ৰিপন কলেজ'ত নাম লগায়। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে আৰু ভাৰতীয় সমাজবাদী পাৰ্টি (বিপ্লৱী)ত যোগ দিয়ে। কিন্তু চোৰাংচোৱা পুলিচ ৰাভাৰ পাছত লগাত তেওঁ কলিকতাৰ পঢ়া এৰি কোচবিহাৰলৈ আহে আৰু 'ভিক্টোৰিয়া কলেজ'ত নাম লগায়। কোচবিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।

সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন

ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে।
১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চলচ্চিত্ৰত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। 
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণননে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে।
১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'ছিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোযণা কৰিছিল। ১৯৫২ চনত গোৱালপাৰাৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।

ৰাজনৈতিক জীৱন

১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰপৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ যায়। ১৯৬৭ চনত তেজপুৰৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধান সভা নিৰ্বাচন প্ৰতিদ্বদন্দিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰপৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।

ব্যক্তিগত জীৱন

বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৬ চনত যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহ পাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়লতা দত্তৰ মৃত্যু ঘটে৷ তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে৷ অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল৷ ১৯৫১ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰাই৷ কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয় ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই গোৱালপাৰাৰ গোসাঁইগাওঁ অঞ্চলৰ বিন্নাকাটা গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰাই৷ মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয় ৷ এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে৷ পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা।

মৃত্যু

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত কলাগুৰুদেৱে মৃত্যুক সাৱতি লয়৷ পাকস্থলীত হোৱা কৰ্কট ৰোগত ভূগি তেখেতৰ মৃত্যু হয়।

সাহিত্য পঞ্জী

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতিৰ বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। ৰাভাদেৱৰ উল্লেখনীয় প্ৰকাশিত পুথি হ'ল:

উপন্যাস
• সোণপাহী
• মিচিং কনেং 

নাটক
• গেঙনি ৰেঙনি (নাটক)

প্ৰবন্ধ
• অসমীয়া কৃষ্টিৰ চমু আভাষ
• অতীত অসম
• মুক্তি দেউল 

গল্পসমূহ
• মামীৰ হাৰ
• কুৰি বছৰ জেইল
• জাল কেছ৷
• হিয়াৰ পুং৷
• জাল কেছ৷
• হিয়াৰ পুং৷
• ফুংকা (বড়ো ভাষাত ৰচিত) ৷

সংগীত, কথাছবি, নাটক, চিত্ৰকলা

বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। ৰাভাই বহুতো কালজয়ী গীত (পৰজনমৰ শুভলগনত, লগন উকলি গ'ল, টিলাই টিলাই ইত্যাদি) ৰচনা কৰি থৈ গৈছে। তেখেতৰ ৰছিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ ৰাভা-সঙ্গীত হিচাবে পৰিচিত।তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।প্ৰথম অসমীয়া কথাছবি "জয়মতী" নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেবাটাও বিষয়ত সহায় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি।ফণী শৰ্মাৰ সতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ।

সন্মান

বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো "বিষ্ণু ৰাভা দিৱস" ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৩১.০১.২০০৯ তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে।। তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ)" আৰু "বিষ্ণু ৰাভা পুণৰ আহিব উভতি" শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা

বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা স্থাপন কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানীত কৰা হয়।

Saturday, 8 June 2013


(ইউনিকডৰ ওপৰত সাহিত্য.অৰ্গৰ ভালেকেইজন লেখকে লিখা-মেলা কৰিছে | তলত উল্লেখিত অঞ্জল বৰা ডাঙৰীয়াৰ প্রৱন্ধটোৰ উপৰিও আমাৰ প্রৱন্ধ শিতানত আৰু কেইটামান জ্ঞানবৰ্ধক লিখনি সন্নিবিষ্ট কৰা হৈছে)

Unicode provides a unique number for every character,
no matter what the platform,
no matter what the program,
no matter what the language.

মানুহৰ মনৰ ভাৱ প্ৰকাশৰ প্ৰধান মাধ্যম হৈছে ভাষা৷ ভাষা আৰু লিপি পৰস্পৰৰ পৰিপূৰক৷ ভাষাই মানুহৰ বিভিন্ন চিন্তা-ভাৱনাক এজনৰ পৰা আন এজনলৈ প্ৰেৰণ কৰাত সহায় কৰে আৰু লিপিয়ে সেইবোৰক লিখিত ৰূপ দি মানুহৰ দৃষ্টিগোচৰ কৰি তোলে৷ ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত লিপি হৈছে কিছুমান আখৰ বা বৰ্ণৰ সমষ্টি৷ ইণ্টাৰনেটৰ প্ৰসাৰৰ লগে লগে পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ মাজত ভাৱৰ আদান-প্ৰদান কৰা অধিক সূচল হৈ পৰিল৷ বৰ্তমান পৃথিৱীৰ সকলো ভাষা-ভাষী লোকেই নিজ নিজ মাতৃভাষাতে ভাৱৰ আদান-প্ৰদান কৰাৰ লগতে কম্পিউটাৰত নিজৰ লিপি ব্যৱহাৰ কৰি লিখা-মেলা কৰিব পাৰিছে৷ কিন্তু এই সকলোবিলাক একেদিনাই সম্ভৱ হৈ উঠা নাছিল৷ ১৯৯১ চনৰ আগলৈকে কম্পিউটাৰত আঞ্চলিক ভাষাত আখৰ লিখাৰ ক্ষেত্ৰত বহুটো কাৰিকৰী অসুবিধা আছিল৷ ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইউনিকনামৰ এটা প্ৰণালী উদ্ভাৱন কৰে৷ যাৰ ফলত ইণ্টাৰনেট আৰু কম্পিউটাৰত আঞ্চলিক ভাষাৰ লিপিত আখৰ লিখা সম্ভৱ হৈ উঠিল৷ প্ৰধানতঃ ইউনিকড (Unicode) পদ্ধতিত বিশ্বৰ প্ৰায় সকলো ভাষাৰ লিপিসমূহ পৰ্য্যায় ক্ৰমে একো একোটা বিশেষ মানদণ্ডত ৰখা অথবা ৰাখিবলৈ চেষ্টা কৰা হৈছেইউনিকডে বিশ্বৰ প্ৰতিটো ভাষাৰ বৰ্ণমালাৰ বাবে একোটা সুকীয়া range ৰ সৃষ্টি কৰিছে, (বাংলা ভাষাৰ বাবে-U+0980 ৰ পৰা U+09FF,  দেৱ্নাগৰী(হিন্দী) U+0900 ৰ পৰা U+097F,  তামিল ভাষাৰ বাবে U+0B80ৰ পৰা U+0BFF ইত্যাদি)৷ এনেদৰে বিশ্বৰ প্ৰতিটো লিপিৰ বাবে একোটো বিশেষ স্থান নিৰ্ধাৰণ কৰাৰ বাবে বৰ্তমান বিশ্বত ব্যৱহাৰ হৈ থকা সকলো বৈদ্যুতিক সামগ্ৰীত (আৰু ভৱিষ্যতে আৱিস্কৃত হব লগা সামগ্ৰীসমূহতো) বিশ্বৰ সকলো ভাষা ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ হৈছে৷  ইউনিকড পদ্ধতি হোৱাৰ আগতে, কম্পিউটাৰ বা অন্য বৈদ্যুতিক মাধ্যমত ব্যৱহাৰ কৰিবলৈ বিশ্বৰ প্ৰতিটো ভাষাৰে (অন্ততঃ যিকেইটা ভাষাৰ বাবে হৈছিল) বিভিন্ন পদ্ধতি আছিল৷ যাৰ ফলত,  সেই পদ্ধতি কেৱল এখন দেশত বা একোটা অঞ্চলতহে ব্যৱহাৰ কৰিব পৰা গৈছিল৷ কিন্তু ইউনিকড হোৱাৰ পাছত এতিয়া যিকোনো প্লেটফৰ্মতে, যিকোনো প্ৰগ্ৰামতে বা যিকোনো ভাষাতে একে ধৰণেৰে লিখিব পৰা হৈছে৷
ইউনিকড মানদণ্ড বৰ্তমান পৃথিৱীৰ সকলো বৃহৎ বৃহৎ কোম্পানী Apple, HP, IBM, Microsoft আদিয়ে গ্ৰহণ কৰিছে৷ আনকি সকলো নতুন Operating system-ৰ ৱেব ব্ৰাউজাৰটো ইউনিকড পদ্ধতি সমৰ্থন কৰে৷ এই পদ্ধতিৰ ফলতে বৰ্তমান বিশ্বৰ যিকোনো ভাষাৰ লিপি সকলো বৈদ্যুতিক মাধ্যমৰ যোগেদি দেখা বা লিখাত সহজ হৈ পৰিছে৷ বিশেষকৈ  কম্পিউটাৰ তথা ইণ্টাৰনেটত প্ৰায় সকলো আঞ্চলিক ভাষাতে লিখাটো আৰু সেই সেই ভাষাসমূহক সংৰক্ষণ কৰাটো সম্ভৱ হৈ পৰিছে৷ বৰ্তমান মাইক্রছফ্টটৰ সকলো নতুন অপাৰেটিং ছিষ্টেমো ইউনিকড পদ্ধতিত লিখা হৈছে আৰু অতি সহজতে ইউনিকড অন্তৰ্গত ফণ্টসমূহ সমৰ্থন কৰে৷
ইউনিকড ফণ্ট:
ইউনিকড পদ্ধতিক সমৰ্থম কৰিবৰ বাবে কিছুমান বিশেষ ফন্ট কম্পিউটাৰত থকাটো প্ৰয়োজন৷ ইউনিকড পদ্ধতি অৱলম্বণ কৰি যিবোৰ ফণ্ট তৈয়াৰ কৰা হয় সেইবোৰেই হল ইউনিকড ফণ্ট৷ কম্পিউটাৰত বিশেষকৈ ইণ্টাৰনেটত অসমীয়া বা অন্য ভাষা দেখিবলৈ হলে সেই সেই ভাষাৰ কিছুমান বিশেষ ফণ্ট কম্পিউটাৰত থকাটো অতিকে জৰুৰী৷ উদাহৰণ স্বৰূপে MS window operating system ৰ লগত by default বাংলা তথা অসমীয়া লিপিক সমৰ্থন কৰা বৃন্দা (vrinda ) ণ্টৰ ব্যৱস্থা কৰা হৈছে৷
ইউনিকডত লিখাৰ প্ৰয়োজনীয়তা:
বৰ্তমান অসমীয়াকে ধৰি অন্যান্য আঞ্চলিক ভাষাসমূহৰ সংকটৰ বিষয়ে সময়ে সময়ে বিভিন্ন আলোচনা হোৱা দেখা গৈছে৷ ভাষা এটা সংকটগ্ৰস্ত হয়নে নহয় সেইটো নিৰ্দ্ধাৰণ কৰিবৰ বাবে ইউনেস্কোই কিছুমান বৈশিষ্ট্য (feature) উল্লেখ কৰিছে৷ সেই বৈশিষ্ট্যসমূহৰ ভিতৰত এটা উল্লেখযোগ্য বিষয় হৈছে প্ৰচাৰ মাধ্যম আৰু নব্য পৰিৱেশত ভাষাটোৰ অনুক্ৰিয়া, প্ৰধানতঃ আধুনিকতাৰ লগত ভাষাটো কি পৰিমানে খাপ খাই পৰিছে৷” (Response to new domains and media, mainly concerned with the extent to which the language scopes with modernity.) এইটো নিঃসন্দেহ যে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ বহুল প্ৰয়োগেই হৈছে এই আধুনিকতাৰ মূল উৎস আৰু ইউনিকড পদ্ধতিয়েই হৈছে ইয়াক কাৰ্যক্ষম কৰি তোলাৰ প্ৰধান ব্যৱস্থা৷ ইউনিকডৰ অবিহনে আমি আমাৰ ভাষাটো কেতিয়াও বিশ্বজনীন কৰি তুলিব  নোৱাৰিম৷
ইউনিকডত অসমীয়া ভাষা-সাহিত্য:

ইউনিকডত অসমীয়া ভাষাৰ ইতিহাস বৰ বেছি পুৰণি নহয়৷ এই ক্ষেত্ৰত বাটকটীয়া আছিল ড: যুগল কলিতা৷ তেখেতে প্ৰথমখন অসমীয়া ই-পত্ৰ লিখিছিল বুলি জনা যায়৷ তাৰ পাছত ৰবিন ডেকাৰ আদৰ্শ ৰত্নে ফণ্টওলাই বহু দিন ধৰি কম্পিউটাৰ আৰু ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত হৈছিল৷ সেইসমযতে i-Leap, Ramdhenu, Lipikar আদি  Software (স্নিগ্ধতন্ত্ৰ) বজাৰত ওলায়৷ এই সকলোবোৰে নিজা নিজা coding system ব্যৱহাৰ কৰিছিলে৷ কিন্তু সেইসময়ত থকা সকলো জালস্থানত অসমীয়া আখৰ ছবি হিচাপে প্ৰকাশ পাইছিলে৷ আনকি মাইক্ৰছফ্টৰ পুৰণা অপাৰেটিং ছিষ্টেমসমূহ যেনে- windows-98 অথবা windows XP ৰ আৰম্ভণিৰ সংস্কৰণবিলাকৰ লগতো ইউনিকড পদ্ধতি নাছিল, যাৰ ফলত সেই সময়ৰ কম্পিউটাৰত অন্য ভাষাত লিখা বা পঢ়াটো সম্ভৱ হৈ উঠা নাছিল৷ সেইসময়ত অসমীয়া লিখিবৰ বাবে বিশেষকৈ DTP আদিত ৰামধেনুৰ দৰে কিছুমান পদ্ধতি ব্যৱহাৰ কৰি অসমীয়া লিখিব পৰা গৈছিল (DTP আদিত অসমীয়া লিখন পদ্ধতি এতিয়াও বহুল ভাবে ব্যৱহাৰ হয়৷) ক্ৰমে ক্ৰমে ইউনিকডৰ ব্যৱহাৰ হোৱাৰ পিছত বহুতে অসমীয়া ইউনিকডত জালপঞ্জী বা ব্লগ লিখিবলৈ আৰম্ভ কৰে৷ ড. প্ৰিয়াংকু শৰ্মাক প্ৰথমজন অসমীয়া জালপঞ্জীয়ক (blogger) বুলি জনা যায়৷ ইয়াৰ পিছত ২০০৬ চনত শব্দ’ (www.xobdo.org)ই জন্ম ললে৷ ই আছিল প্ৰথম dynamically updated অসমীয়া জালস্থান৷ এতিয়াও এনে জালস্থান অতি বিৰল যি ব্যৱহাৰকাৰীৰ সহাঁৰিৰ ওপৰত ভিত্তি কৰি পৃষ্ঠাৰ সমল সলনি হয়৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰচাৰৰ বাবে থকা আন এটা উল্লেখযোগ্য ৱেবচাইট হল ৱিকিপিডিয়াৰ অন্তৰ্গত অসমীয়া গণ বিশ্বকোষ (Assamese open content Wikipedia) www.as.wikipedia.org নামৰ এই ৱেবচাইটটোত সকলো সমল ইউনিকড পদ্ধতিৰে লিখা হয়৷ সফুঁৰাল ইউনিকড পদ্ধতিৰে অসমীয়া ভাষা-সাহিত্যক সংৰক্ষণ কৰা এটা ৱেবচাইট৷ এনাজৰী” (www.enajori.com) ল প্ৰথমখন অসমীয়া ইউনিকডত প্ৰকাশিত আলোচনী৷ ইয়াৰ পিছত অসমীয়া ভাষা-সাহিত্যক ইউনিকড পদ্ধতিৰে প্ৰচাৰ কৰাত বিশেষ আগভাগ ললে চিয়েল নেটৱৰ্কিং চাইটফেচবুকত জন্ম লাভ কৰা অসমীয়াত কথা বতৰা” “সাহিত্যআদি গোটসমূহে৷ যাৰ উত্সাহ আৰু প্ৰেৰণাতে সাহিত্য-ডট-অৰ্গৰ জন্ম বুলিব পাৰি৷ ইয়াৰ লগে লগে ২০১০ চনত আৰম্ভ হোৱা ই-জোনাকী যুগপ্ৰকল্পইও ছাইবাৰ জগতত অসমীয়া সমল বৃদ্ধিৰ বাবে বিশেষ প্ৰ্ৰচেষ্টা হাতত লয়৷
(লেখাটো প্ৰস্তুত কৰোঁতে ডাঃ বনজিৎ পাঠক (গুৱাহাটী) আৰু  শ্ৰীযুত বিক্ৰম বৰুৱা (আবু ধাবি)ৰ সহায় লোৱা হৈছে৷)


Wednesday, 5 June 2013


Wishes you all a very happy World Environment Day, '13.
The theme of this year is Think, Eat & Save. Be a good thinker, hygienic eater and better saver.

Wednesday, 22 May 2013


OUTGOING BATCH-2013         

                 NAME OF THE STUDENTS                                  DESIGNATION

  1. Arindom Sonowal
  2. Bhexaj Pran Changmai
  3. Bishwajit Konwar
  4. Chirantan Borah
  5. Dibya Dyuti Gogoi
  6. Kaushik Phukan
  7. Sabi Chutia
  8. Sanghamitra Borsaikia
  9. Sanjit Gogoi
  10. Sourav Chutia
  11. Shikhapriyom Gogoi
  12. Srijan Gogoi
  13. Subham Jaiswal
  14. Rumu Khanikar
  15. Runa Sonowal
  16. Purabi Khanikar
  17. Kaberi Newar
  18. Kiranjyoti Borah
  19. Kobid Gogoi
  20. Kobikrishna Gogoi
  21. Manisha Gogoi
  22. Mukesh Gogoi
  23. Niharika Hazarika
  24. Parinita Patar
  25. Parishmita Borah
  26. Priyankush Dutta
  27. Gargi Kalita
  28. Dimpee Chutia
  29. Daisy Gogoi
  30. Chayanika Phukan
  31. Anujpratim Baruah
  32. Anchumi Dekabaruah
  33. Pallabi Gogoi


OUTGOING BATCH-2012           

NAME OF THE STUDENTS                                  DESIGNATION

1.     PALASH PROBIN CHANGMAI                          DIPLOMA (ELECTRICAL), POWIET
2.     MANASH PROTIM THAKUR                             GYAN VIGYAN ACADEMY
3.     ROCTIM GOGOI                                            SALT BROOK ACADEMY
4.     PARTHO PROTIM KONWAR                            SALT BROOK ACADEMY
5.     PARIKSHIT BORA                                          R D JUNIOR COLLEGE
6.     KAUSIK BORUAH                                           R D JUNIOR COLLEGE
7.     GHANASHYAM CHANGMAI                              R D JUNIOR COLLEGE
8.     KANCHAN CHANGMAI                                   R D JUNIOR COLLEGE
9.     BHASKAR JYOTI SONOWAL                            R D JUNIOR COLLEGE
10.   MADHUGYO KALITA                                        R D JUNIOR COLLEGE
11.   GAURAV JYOTI GOGOI                                    MORAN H S SCHOOL
12.   BIPUL GOGOI                                                   TINGKHONG H S SCHOOL
13.   KISHNASHREE DAS                                          R D JUNIOR COLLEGE
14.   HIMASHREE GOGOI                                         GYAN VIGYAN ACADEMY
15.   HEMARANI CHANGMAI                                   RAJGARH JUNIOR COLLEGE
16.   ANAMIKA CHANGMAI                                     MORAN COLLEGE
17.   RODALI MOHAN                                              MORAN COLLEGE
18.   NILAM SONOWAL                                            MORAN COLLEGE
19.   RASHMI REKHA BORAH                                                  R D JUNIOR COLLEGE
20.   TASHMI KONWAR                                            R D JUNIOR COLLEGE
21.   DAROTHI GOGOI                                             R D JUNIOR COLLEGE
22.   SHEWALI GOGOI                                             R D JUNIOR COLLEGE
23.   SUGATA PRIYAMBODA KONWAR                   TINGKHONG H S SCHOOL

Saturday, 18 May 2013


OUTGOING BATCH-2007               

                             
NAME OF THE STUDENTS                                            DESIGNATION

1.     PUJA SHARMA                                                 MSc.IN APPLIED GEOGRAPHY (DIBRUGARH UNIVERSITY)
2.     DEVASISH GOGOI                                           B.TECH (JEC, JORHAT)
3.     PRAGYAN MOHON                                         ARYA VIDYAPEETH COLLEGE, GAUHATI 
4.     SRISTI GOGOI                                                   B.ARCH (GCA, GUWAHATI)
5.     MRIDUL BORA                                                 MA (DIBRUGARH UNIVERSITY)
6.     JATIN GOGOI                                                   (GAUHATI UNIVERSITY)
7.     JISHURAJ PHUKAN                                          ITI, TINSUKIA
8.     HIMANKU GOGOI                                                
9.     DAISY                                                                
10.   LATE DHRUBA JYOTI DUTTA

(OTHERS WHO LEAVE IN BETWWEN)              
11.   KISHOR KUMAR GOGOI                                     B.TECH (KURUKSHETRA UNIVERSITY)
12.   HIRANMOY KONWAR                                         DHSK COLLEGE
13.   DIPANKAR GOGOI                                                        
14.   TAPAN CHETIA                                                   SELF EMPLOYED
15.   NILOMONI GOGOI                                              SELF EMPLOYED/ BUSINESS
16.   JITEN CHETRY                                                     HOTEL MANAGEMENT
17.   TARANGA UPOKUL GOGOI
18.   KALPANA CHETRY
19.   DIMPLE GOGOI

Friday, 17 May 2013


Total Appeared  = 33 students

Total Pass          = 33 students
Pass percentage  = 100%

Distinction         = 1 student
Star Marks          = 6 students
First Division     = 16 students
Second Div.        = 10 students

As like earlier years TMA also rocks this year with a fruitful  HSLC results of its students. TMAAA congratulate all of you. Wish you all have a bright academic future...


Detail Results:

Name
Total Marks
Division
ARINDOM SONOWAL
385
1
BHEXAJ PRAN CHANGMAI
360
1
BISHWAJIT KONWAR
309
2
CHIRANTAN BORAH
411
1
DIBYA DYUTI GOGOI
400
1
KAUSHIK PHUKAN
360
1
SABI CHUTIA
482
Star
SANGHAMITRA BORSAIKIA
439
1
SANJIT GOGOI
421
1
SOURAV CHUTIA
341
2
SHIKHAPRIYOM GOGOI
469
Star
SRIJAN GOGOI
519
Distinction
SUBHAM JAISWAL
335
2
RUMU KHANIKAR
435
1
RUNA SONOWAL
360
1
PURABI KHANIKAR
501
Star
KABERI NEWAR
289
2
KIRANJYOTI BORAH
326
2
KOBID GOGOI
387
1
KOBIKRISHNA GOGOI
346
2
MANISHA GOGOI
339
2
MUKESH GOGOI
391
1
NIHARIKA HAZARIKA
320
2
PARINITA PATAR
461
Star
PARISHMITA BORAH
471
Star
PRIYANKUSH DUTTA
411
1
GARGI KALITA
360
1
DIMPEE CHUTIA
292
2
DAISY GOGOI
332
2
CHAYANIKA PHUKAN
360
1
ANUJPRATIM BARUAH
470
Star
ANCHUMI DEKABARUAH
425
1
PALLABI GOGOI
397
1
#Note: Please report if something is wrong here.