Sunday, 16 March 2014
Saturday, 15 March 2014
05:27 by Tingkhong Model Academy Alumni AssociationNo comments
Congratulation to all...
Do you know today is the birthday i.e establishment date of our
beloved school Tingkhong Model Academy. It is established in 15th march of
1993. 15th of march is celebrated as establishment day of the school. Today the
school have completed 21 glorious years. It shapes best students of Tingkhong
area for their delighted future. We thank those who were associated with the
establishment of the school. Also thank all the faculties and other members of
the school. And hope it will grow more and contribute more to the development
of Assam and India.
Long Live TMA.
Saturday, 8 February 2014
Saturday, 7 December 2013
Thursday, 17 October 2013
Saturday, 12 October 2013
01:52 by Tingkhong Model Academy Alumni AssociationNo comments
![]() |
শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছাৰে... |
হিন্দু
দেৱী দুৰ্গাৰ আৰধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় বাঙালি হিন্দু সম্প্ৰদায়ৰ বৃহত্তম
ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰীয় অনুসাৰে আহিন মাহৰ
শুক্লপক্ষত বা চত মাহৰ শুক্লপক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ
দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয়
দুৰ্গা পূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন
কৰে। ভাৰতৰ পশ্চিমবংগ, অসম ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাত
দুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও
ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সলকেও দুৰ্গা পূজা পালন কৰে।
সাধাৰনতে
আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী প্ৰযন্ত থাকে এই
দুৰ্গোৎসব । এই পাঁচ দিন যথাক্ৰমে দুৰ্গাষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানবমী আৰু বিজয়া
দশমী নামে জনাজাত । এই পক্ষটোক দেৱি পক্ষ নামেৰেও জনাযায় । পুৰ্ববৰ্তী অমাব্যাৰ
দিনা এই দেৱিপক্ষৰ সুচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় । আৰু পুৰ্ণীমাৰ
দিনাক লক্ষ্মীপূজাৰ দিন হিচাপে গণ্য কৰা হয় ।
Thursday, 4 July 2013
00:24 by Tingkhong Model Academy Alumni AssociationNo comments
হীৰেন ভট্টাচাৰ্য অসমৰ এগৰাকী
খ্যাতিসম্পন্ন কবি আছিল৷ তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩ খন অসমীয়া
ভাষাত কবিতা পুথি আৰু বাংলা ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও
অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৫২ চনত
সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল 'হীৰুদা'৷
তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও
অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। তেখেতৰ জন্ম হয় ১৯৩২ চনত অসমৰ যোৰহাটত৷
পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য।
তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা
হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো
চহৰত অতিবাহিত হৈছিল। ২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ
দিছপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে।
তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকীত আমি
সকলোৱে তেখেতলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছো আৰু তেখেতৰ আত্মাৰ সদ-গতি কামনা কৰিলো।
Wednesday, 19 June 2013
12:14 by Tingkhong Model Academy Alumni AssociationNo comments
শৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ শুভ কামনা জনালো।
(Happy Bishnu Prashad Rabha Divas)
****বিষ্ণুপ্ৰসাদ ৰাভা****
(জন্ম-৩১ জানুৱাৰী,১৯০৯ আৰু মৃত্যু-২০ জুন,১৯৬৯)
অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল।
শৈশৱ আৰু শিক্ষা
বিষ্ণুপ্ৰসাদ ৰাভাই সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয়া লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।
তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহনৰ বাবে ৰাভা কলিকতালৈ যায়। তাৰ ছেইন্ট পউল কলেজৰ পৰা আই.এচ.চি. ঊৰ্ত্তীৰ্ণ হয় আৰু `ৰিপন কলেজ'ত নাম লগায়। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে আৰু ভাৰতীয় সমাজবাদী পাৰ্টি (বিপ্লৱী)ত যোগ দিয়ে। কিন্তু চোৰাংচোৱা পুলিচ ৰাভাৰ পাছত লগাত তেওঁ কলিকতাৰ পঢ়া এৰি কোচবিহাৰলৈ আহে আৰু 'ভিক্টোৰিয়া কলেজ'ত নাম লগায়। কোচবিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।
সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন
ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে।
১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চলচ্চিত্ৰত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণননে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে।
১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'ছিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোযণা কৰিছিল। ১৯৫২ চনত গোৱালপাৰাৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।
ৰাজনৈতিক জীৱন
১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰপৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ যায়। ১৯৬৭ চনত তেজপুৰৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধান সভা নিৰ্বাচন প্ৰতিদ্বদন্দিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰপৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।
ব্যক্তিগত জীৱন
বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৬ চনত যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহ পাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়লতা দত্তৰ মৃত্যু ঘটে৷ তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে৷ অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল৷ ১৯৫১ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰাই৷ কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয় ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই গোৱালপাৰাৰ গোসাঁইগাওঁ অঞ্চলৰ বিন্নাকাটা গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰাই৷ মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয় ৷ এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে৷ পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা।
মৃত্যু
১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত কলাগুৰুদেৱে মৃত্যুক সাৱতি লয়৷ পাকস্থলীত হোৱা কৰ্কট ৰোগত ভূগি তেখেতৰ মৃত্যু হয়।
সাহিত্য পঞ্জী
বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতিৰ বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। ৰাভাদেৱৰ উল্লেখনীয় প্ৰকাশিত পুথি হ'ল:
উপন্যাস
• সোণপাহী
• মিচিং কনেং
নাটক
• গেঙনি ৰেঙনি (নাটক)
প্ৰবন্ধ
• অসমীয়া কৃষ্টিৰ চমু আভাষ
• অতীত অসম
• মুক্তি দেউল
গল্পসমূহ
• মামীৰ হাৰ
• কুৰি বছৰ জেইল
• জাল কেছ৷
• হিয়াৰ পুং৷
• জাল কেছ৷
• হিয়াৰ পুং৷
• ফুংকা (বড়ো ভাষাত ৰচিত) ৷
সংগীত, কথাছবি, নাটক, চিত্ৰকলা
বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। ৰাভাই বহুতো কালজয়ী গীত (পৰজনমৰ শুভলগনত, লগন উকলি গ'ল, টিলাই টিলাই ইত্যাদি) ৰচনা কৰি থৈ গৈছে। তেখেতৰ ৰছিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ ৰাভা-সঙ্গীত হিচাবে পৰিচিত।তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।প্ৰথম অসমীয়া কথাছবি "জয়মতী" নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেবাটাও বিষয়ত সহায় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি।ফণী শৰ্মাৰ সতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ।
সন্মান
বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো "বিষ্ণু ৰাভা দিৱস" ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৩১.০১.২০০৯ তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে।। তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ)" আৰু "বিষ্ণু ৰাভা পুণৰ আহিব উভতি" শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল ৷
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা
বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা স্থাপন কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানীত কৰা হয়।
Saturday, 8 June 2013
02:33 by Tingkhong Model Academy Alumni AssociationNo comments
(ইউনিক’ডৰ ওপৰত সাহিত্য.অৰ্গৰ ভালেকেইজন লেখকে লিখা-মেলা কৰিছে | তলত উল্লেখিত অঞ্জল বৰা ডাঙৰীয়াৰ প্রৱন্ধটোৰ উপৰিও আমাৰ প্রৱন্ধ
শিতানত আৰু কেইটামান জ্ঞানবৰ্ধক লিখনি সন্নিবিষ্ট কৰা হৈছে)
Unicode provides a
unique number for every character,
no matter what the
platform,
no matter what the
program,
মানুহৰ মনৰ ভাৱ প্ৰকাশৰ প্ৰধান মাধ্যম হৈছে ভাষা৷ ভাষা আৰু লিপি
পৰস্পৰৰ পৰিপূৰক৷ ভাষাই মানুহৰ বিভিন্ন চিন্তা-ভাৱনাক এজনৰ পৰা আন এজনলৈ প্ৰেৰণ কৰাত সহায় কৰে আৰু লিপিয়ে সেইবোৰক লিখিত ৰূপ দি মানুহৰ
দৃষ্টিগোচৰ কৰি তোলে৷ ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত লিপি হৈছে কিছুমান আখৰ বা বৰ্ণৰ
সমষ্টি৷ ইণ্টাৰনেটৰ প্ৰসাৰৰ লগে লগে পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহৰ মাজত ভাৱৰ
আদান-প্ৰদান কৰা অধিক সূচল হৈ পৰিল৷ বৰ্তমান পৃথিৱীৰ সকলো ভাষা-ভাষী লোকেই নিজ নিজ
মাতৃভাষাতে ভাৱৰ আদান-প্ৰদান কৰাৰ লগতে কম্পিউটাৰত নিজৰ লিপি ব্যৱহাৰ কৰি
লিখা-মেলা কৰিব পাৰিছে৷ কিন্তু এই সকলোবিলাক একেদিনাই সম্ভৱ হৈ উঠা নাছিল৷ ১৯৯১
চনৰ আগলৈকে কম্পিউটাৰত আঞ্চলিক ভাষাত আখৰ লিখাৰ ক্ষেত্ৰত বহুটো কাৰিকৰী অসুবিধা
আছিল৷ ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ‘ইউনিক’ড’ নামৰ এটা প্ৰণালী
উদ্ভাৱন কৰে৷ যাৰ ফলত ইণ্টাৰনেট আৰু কম্পিউটাৰত আঞ্চলিক ভাষাৰ লিপিত আখৰ লিখা
সম্ভৱ হৈ উঠিল৷ প্ৰধানতঃ ইউনিক’ড (Unicode) পদ্ধতিত “বিশ্বৰ প্ৰায় সকলো ভাষাৰ লিপিসমূহ পৰ্য্যায় ক্ৰমে একো একোটা বিশেষ
মানদণ্ডত ৰখা অথবা ৰাখিবলৈ চেষ্টা কৰা হৈছে” ইউনিক’ডে বিশ্বৰ
প্ৰতিটো ভাষাৰ বৰ্ণমালাৰ বাবে একোটা সুকীয়া range ৰ সৃষ্টি কৰিছে, (বাংলা ভাষাৰ
বাবে-U+0980 ৰ পৰা U+09FF, দেৱ্নাগৰী(হিন্দী) U+0900
ৰ পৰা U+097F, তামিল ভাষাৰ বাবে U+0B80ৰ পৰা U+0BFF ইত্যাদি)৷ এনেদৰে বিশ্বৰ প্ৰতিটো লিপিৰ বাবে একোটো বিশেষ স্থান
নিৰ্ধাৰণ কৰাৰ বাবে বৰ্তমান বিশ্বত ব্যৱহাৰ হৈ থকা সকলো বৈদ্যুতিক সামগ্ৰীত (আৰু
ভৱিষ্যতে আৱিস্কৃত হ’ব লগা সামগ্ৰীসমূহতো) বিশ্বৰ সকলো ভাষা ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ
হৈছে৷ ইউনিক’ড পদ্ধতি হোৱাৰ আগতে, কম্পিউটাৰ বা অন্য বৈদ্যুতিক
মাধ্যমত ব্যৱহাৰ কৰিবলৈ বিশ্বৰ প্ৰতিটো ভাষাৰে (অন্ততঃ যিকেইটা ভাষাৰ বাবে হৈছিল)
বিভিন্ন পদ্ধতি আছিল৷ যাৰ ফলত,
সেই পদ্ধতি কেৱল এখন দেশত বা একোটা
অঞ্চলতহে ব্যৱহাৰ কৰিব পৰা গৈছিল৷ কিন্তু ইউনিক’ড হোৱাৰ পাছত এতিয়া যিকোনো প্লেটফ’ৰ্মতে, যিকোনো প্ৰ’গ্ৰামতে বা
যিকোনো ভাষাতে একে ধৰণেৰে লিখিব পৰা হৈছে৷
ইউনিক’ড মানদণ্ড বৰ্তমান পৃথিৱীৰ সকলো বৃহৎ বৃহৎ কোম্পানী Apple, HP, IBM, Microsoft আদিয়ে গ্ৰহণ কৰিছে৷ আনকি সকলো নতুন Operating system-ৰ ৱেব ব্ৰাউজাৰটো
ইউনিক’ড পদ্ধতি সমৰ্থন কৰে৷ এই পদ্ধতিৰ ফলতে বৰ্তমান বিশ্বৰ যিকোনো ভাষাৰ
লিপি সকলো বৈদ্যুতিক মাধ্যমৰ যোগেদি দেখা বা লিখাত সহজ হৈ পৰিছে৷ বিশেষকৈ
কম্পিউটাৰ তথা ইণ্টাৰনেটত প্ৰায় সকলো আঞ্চলিক ভাষাতে লিখাটো আৰু সেই সেই
ভাষাসমূহক সংৰক্ষণ কৰাটো সম্ভৱ হৈ পৰিছে৷ বৰ্তমান মাইক্র’ছফ্টটৰ সকলো নতুন
অ’পাৰেটিং ছিষ্টেমো ইউনিক’ড পদ্ধতিত লিখা হৈছে আৰু অতি সহজতে
ইউনিক’ড অন্তৰ্গত ফ’ণ্টসমূহ সমৰ্থন কৰে৷
ইউনিক’ড ফ’ণ্ট:
ইউনিক’ড পদ্ধতিক সমৰ্থম কৰিবৰ বাবে কিছুমান বিশেষ ফ’ন্ট কম্পিউটাৰত
থকাটো প্ৰয়োজন৷ ইউনিক’ড পদ্ধতি অৱলম্বণ কৰি যিবোৰ ফ’ণ্ট তৈয়াৰ কৰা হয় সেইবোৰেই হ’ল ইউনিক’ড ফ’ণ্ট৷ কম্পিউটাৰত
বিশেষকৈ ইণ্টাৰনেটত অসমীয়া বা অন্য ভাষা দেখিবলৈ হ’লে সেই সেই ভাষাৰ কিছুমান বিশেষ ফ’ণ্ট কম্পিউটাৰত
থকাটো অতিকে জৰুৰী৷ উদাহৰণ স্বৰূপে MS window operating system ৰ লগত by default বাংলা তথা অসমীয়া লিপিক সমৰ্থন কৰা বৃন্দা (vrinda ) ফ’ণ্টৰ ব্যৱস্থা কৰা হৈছে৷
বৰ্তমান অসমীয়াকে ধৰি অন্যান্য আঞ্চলিক ভাষাসমূহৰ সংকটৰ বিষয়ে সময়ে
সময়ে বিভিন্ন আলোচনা হোৱা দেখা গৈছে৷ ভাষা এটা সংকটগ্ৰস্ত হয়নে নহয় সেইটো
নিৰ্দ্ধাৰণ কৰিবৰ বাবে ইউনেস্কোই কিছুমান বৈশিষ্ট্য (feature) উল্লেখ কৰিছে৷ সেই বৈশিষ্ট্যসমূহৰ ভিতৰত এটা উল্লেখযোগ্য বিষয় হৈছে “প্ৰচাৰ মাধ্যম
আৰু নব্য পৰিৱেশত ভাষাটোৰ অনুক্ৰিয়া, প্ৰধানতঃ আধুনিকতাৰ লগত ভাষাটো কি
পৰিমানে খাপ খাই পৰিছে৷” (Response to new
domains and media, mainly concerned with the extent to which the language
scopes with modernity.) এইটো নিঃসন্দেহ
যে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ বহুল প্ৰয়োগেই হৈছে এই আধুনিকতাৰ মূল উৎস আৰু ইউনিক’ড পদ্ধতিয়েই হৈছে
ইয়াক কাৰ্যক্ষম কৰি তোলাৰ প্ৰধান ব্যৱস্থা৷ ইউনিক’ডৰ অবিহনে আমি আমাৰ ভাষাটো কেতিয়াও
বিশ্বজনীন কৰি তুলিব নোৱাৰিম৷
ইউনিক’ডত অসমীয়া ভাষা-সাহিত্য:
ইউনিক’ডত অসমীয়া ভাষাৰ ইতিহাস বৰ বেছি পুৰণি নহয়৷ এই ক্ষেত্ৰত বাটকটীয়া
আছিল ড: যুগল কলিতা৷ তেখেতে প্ৰথমখন অসমীয়া ই-পত্ৰ লিখিছিল বুলি জনা যায়৷ তাৰ পাছত
ৰবিন ডেকাৰ ‘আদৰ্শ ৰত্নে ফ’ণ্ট’ ওলাই বহু দিন ধৰি কম্পিউটাৰ আৰু ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত হৈছিল৷
সেইসমযতে i-Leap, Ramdhenu,
Lipikar আদি Software (স্নিগ্ধতন্ত্ৰ)
বজাৰত ওলায়৷ এই সকলোবোৰে নিজা নিজা coding system ব্যৱহাৰ কৰিছিলে৷
কিন্তু সেইসময়ত থকা সকলো জালস্থানত অসমীয়া আখৰ ছবি হিচাপে প্ৰকাশ পাইছিলে৷ আনকি
মাইক্ৰ’ছফ্টৰ পুৰণা অ’পাৰেটিং ছিষ্টেমসমূহ যেনে- windows-98 অথবা windows XP ৰ আৰম্ভণিৰ সংস্কৰণবিলাকৰ লগতো ইউনিক’ড পদ্ধতি নাছিল, যাৰ ফলত সেই
সময়ৰ কম্পিউটাৰত অন্য ভাষাত লিখা বা পঢ়াটো সম্ভৱ হৈ উঠা নাছিল৷ সেইসময়ত অসমীয়া
লিখিবৰ বাবে বিশেষকৈ DTP আদিত ‘ৰামধেনু’ৰ দৰে কিছুমান পদ্ধতি ব্যৱহাৰ কৰি অসমীয়া লিখিব পৰা গৈছিল (DTP আদিত অসমীয়া
লিখন পদ্ধতি এতিয়াও বহুল ভাবে ব্যৱহাৰ হয়৷) ক্ৰমে ক্ৰমে ইউনিক’ডৰ ব্যৱহাৰ হোৱাৰ
পিছত বহুতে অসমীয়া ইউনিক’ডত জালপঞ্জী বা ব্ল’গ লিখিবলৈ আৰম্ভ কৰে৷ ড. প্ৰিয়াংকু শৰ্মাক প্ৰথমজন অসমীয়া জালপঞ্জীয়ক
(blogger) বুলি জনা যায়৷ ইয়াৰ পিছত ২০০৬ চনত ‘শব্দ’ (www.xobdo.org)ই জন্ম ল’লে৷ ই আছিল প্ৰথম
dynamically updated অসমীয়া জালস্থান৷ এতিয়াও এনে জালস্থান অতি বিৰল – যি ব্যৱহাৰকাৰীৰ
সহাঁৰিৰ ওপৰত ভিত্তি কৰি পৃষ্ঠাৰ সমল সলনি হয়৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ
প্ৰচাৰৰ বাবে থকা আন এটা উল্লেখযোগ্য ৱেবচাইট হ’ল ৱিকিপিডিয়াৰ অন্তৰ্গত অসমীয়া গণ বিশ্বকোষ (Assamese open content
Wikipedia)৷ www.as.wikipedia.org নামৰ এই ৱেবচাইটটোত সকলো সমল ইউনিক’ড পদ্ধতিৰে লিখা হয়৷ “সফুঁৰা” হ’ল ইউনিক’ড পদ্ধতিৰে
অসমীয়া ভাষা-সাহিত্যক সংৰক্ষণ কৰা এটা ৱেবচাইট৷ “এনাজৰী” (www.enajori.com) হ’ল প্ৰথমখন অসমীয়া
ইউনিক’ডত প্ৰকাশিত আলোচনী৷ ইয়াৰ পিছত অসমীয়া ভাষা-সাহিত্যক ইউনিক’ড পদ্ধতিৰে
প্ৰচাৰ কৰাত বিশেষ আগভাগ ল’লে “ছ’চিয়েল নেটৱৰ্কিং চাইট’ ফে’চবুকত জন্ম লাভ কৰা “অসমীয়াত কথা বতৰা” “সাহিত্য” আদি গোটসমূহে৷
যাৰ উত্সাহ আৰু প্ৰেৰণাতে “সাহিত্য-ডট-অৰ্গ”ৰ জন্ম বুলিব পাৰি৷ ইয়াৰ লগে লগে ২০১০ চনত আৰম্ভ হোৱা “ই-জোনাকী যুগ” প্ৰকল্পইও ছাইবাৰ
জগতত অসমীয়া সমল বৃদ্ধিৰ বাবে বিশেষ প্ৰ্ৰচেষ্টা হাতত লয়৷
(লেখাটো প্ৰস্তুত কৰোঁতে ডাঃ বনজিৎ পাঠক (গুৱাহাটী) আৰু শ্ৰীযুত বিক্ৰম বৰুৱা (আবু ধাবি)ৰ সহায় লোৱা হৈছে৷)
Wednesday, 5 June 2013
Subscribe to:
Posts (Atom)